About SSS

  • Home
  • About
  • About SSS

About | Srimanta Sankardev Sangha

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ উদাৰ মানৱতাবাদী আধ্যাত্মিক দৰ্শনৰ আধাৰত প্ৰতিষ্ঠিত ভাৰতবৰ্ষৰ ধৰ্ম-সাহিত্য-সংস্কৃতিৰ সুবৃহৎ গণতান্ত্ৰিক অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ।

Srimanta Sankardev Sangha is a socio cultural and religious organization of North East India, established based on religious teachings of great saint Mahapurush Srimanta Sankardeva.

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ লক্ষ্য:

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ-মাধৱদেৱৰ সাহিত্য-সংস্কৃতি-ধৰ্ম আদি বিশুদ্ধ ৰূপত বিশ্বব্যাপী প্ৰচাৰ আৰু প্ৰসাৰ কৰা।

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ উদ্দেশ্য:

১। শ্ৰীমন্ত শঙ্কৰদেৱৰ সাৰ্বজনীন ধৰ্মৰ মূলতত্ব বিশ্লেষণ কৰি তাক প্ৰচাৰ কৰা আৰু মানৱ জাতিৰ আধ্যাত্মিক, সামাজিক উন্নতি বিধায়ক কাৰ্যত সহায় কৰা।
২। শ্ৰীমন্ত শঙ্কৰদেৱৰ ধৰ্মাদৰ্শ দেশে বিদেশে, জাতি-বৰ্ণ নিৰ্বিশেষেসকলোৰে মাজত প্ৰচাৰ কৰি মানৱ সমাজক একতাবদ্ধ কৰা।
৩। শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰচাৰিত নাম-কীৰ্তন, নৃত্য-গীত, কৃষ্টি-সংস্কৃতিৰ নৈষ্ঠিক সংৰক্ষণ আৰু বহুল প্ৰচাৰৰ ব্যৱস্থা কৰা।
৪। শ্ৰীমন্ত শঙ্কৰদেৱৰ সাহিত্য-সংস্কৃতি আৰু ধৰ্মমত প্ৰচাৰৰ বাবে আলোচনী, গ্ৰন্থ আৰু পুস্তিকাদি প্ৰকাশ কৰা।
৫। পৰ্বত-ভৈয়াম সকলোতে বিভিন্ন জাতি-উপজাতিৰ মাজত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আৰ্হিৰে মহাপুৰুষীয়া ধৰ্ম, কলা-কৃষ্টি, সাহিত্য প্ৰচাৰৰ যোগে এক অভেদ্য, অচ্ছেদ্য বিশুদ্ধ সমাজ গঠনত ব্ৰতী হোৱা।
৬। শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰৱৰ্তিত নামধৰ্মৰ প্ৰণালীৰে উপযুক্ত লোকৰ দ্বাৰাই জনসাধাৰণৰ মাজত শৰণ-ভজন-ভক্তি প্ৰচলন কৰোৱা আৰু আৰু সে বিষয়ে জনাসাধাৰণক শিক্ষিত কৰি তোলা।
৭। প্ৰকাশিত আৰু অপ্ৰকাশিতসকলো অমূল্য বৈষ্ণৱ গ্ৰন্থ সংগ্ৰহ কৰা আৰু প্ৰয়োজনবোধে টিকা টিপ্পনীৰে সম্পাদনা কৰি শুদ্ধৰূপত প্ৰকাশ কৰা।
৮। শ্ৰীমন্ত শঙ্কৰদেৱৰ ধৰ্ম, দৰ্শন আদিৰ গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰি শুদ্ধ ৰূপত উদ্‌ঘাটন কৰা।
৯। শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰচাৰিত শঙ্কৰী ধৰ্ম-কলা-সংস্কৃতিৰ বৈজ্ঞানিক দিশসমূহ মানৱ জাতিৰ আগত দাঙি ধৰা।
১০। শ্ৰীমন্ত শঙ্কৰদেৱৰ-মাধৱদেৱ মহাপুৰুষ দুজনাৰ নামত সাম্প্ৰদায়িক বা জাতি বিদ্বেষমূলক কথা, জালপুথি আৰু অপপ্ৰচাৰ আদিৰ অসাৰতা সাহিত্য শাখাৰ দ্বাৰা প্ৰতিপন্ন কৰা।
১১। শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শৰে সমাজৰ পৰা অস্পৃশ্যতা দূল কৰা।
১২। শঙ্কৰী নীতি আৰু আদৰ্শৰে বিবাহ-কাৰ্য সম্পাদন কৰা।
১৩। শঙ্কৰী নীতি আৰু আদৰ্শৰে নাম, পাঠ, প্ৰসংগ, অশৌচ পালন, শৰণ, ভজন কাৰ্য পালন কৰা।
১৪। আৰ্থ-সামাজিক বিকাশৰ কাৰণে বিভিন্ন প্ৰকল্প আদি প্ৰতিষ্ঠা কৰ।
১৫। নৱপ্ৰজন্মক শাৰিৰীক, নৈতিক, আধ্যাত্মিক আৰু মূল্যবোধৰ শিক্ষাৰে শিক্ষিত কৰিবৰ বাবে শ্ৰীমন্ত শঙ্কৰদেৱ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠান আদি স্থাপন কৰা।
১৬। মূল কাৰ্যনিৰ্বাহক সমিতিৰ অনুমোদন ক্ৰমে জাতীয় স্বাৰ্থ ৰক্ষাৰ্থে অন্যান্য জাতীয় অনুষ্ঠানৰ লগত সহযোগ কৰি কাম কৰা।